Read time: 0 mins

অযান্ত্ৰিক

by Mrinal Kalita
9 July 2021

 

মৃণাল কলিতা

            এনেকুৱাই হয়। মানুহজনে নিজৰ গৱেষণাৰ ফলবোৰ পৃথিৱীৰ আন আন গৱেষকসকলৰ আগত দাঙি ধৰিবলৈ বক্তৃতা মঞ্চত পদাৰ্পণ কৰিলেই বক্তৃতাকক্ষৰ পৰিৱেশেই সলনি হৈ যায়। আজিও তাৰ ব্যতিক্ৰম হোৱা নাই। তেওঁৰ বক্তৃতা মানেই যেন গণিতৰ অনাৱিষ্কৃত ৰহস্যময় দ্বীপলৈ এক উত্তেজনাপূৰ্ণ যাত্ৰা। গণিতজ্ঞসকলে বিস্ময়-বিমুগ্ধচিত্তে মানুহজনৰ মুখলৈ চাই ৰয়। আৰু মানুহজনে সাৱলীলভাৱে ঈপ্সিত লক্ষ্যত উপনীত হ’বলৈ এটাৰ পিছত এটাকৈ জঁটবোৰ ভাঙি গৈ থাকে। যেন কুশলী ফুটবলাৰ এজনে বিপক্ষৰ প্ৰচণ্ড প্ৰতিৰোধ নেওচি গ’ল প’ষ্ট অভিমুখে আগুৱাই গৈ আছে। তেওঁৰ এই বিস্ময়কৰ অভিযানৰ সূত্ৰপাত হৈছিল বাৰ্ট্ৰাণ্ডৰ অনুমানৰ অভিনৱ প্ৰমাণ দাঙি ধৰাৰ পৰাই। বাৰ্ট্ৰাণ্ডৰ অনুমানৰ এক সুন্দৰ শৈল্পিক প্ৰমাণ আগবঢ়াই তেওঁ ঘোষণা কৰি দিছিল গণিত বিশ্বত তেওঁৰ বীৰদৰ্প পদাৰ্পণৰ কথা। প্ৰথম প্ৰমাণতে ৰসজ্ঞ গণিতজ্ঞসকলে পাইছিল এক অভিনৱ স্বাদ। তাৰ পিছৰ পৰাই তেওঁ বিশেষকৈ সংখ্যা তত্ত্বত এনেকুৱা মানসম্পন্ন অৱদান ধাৰাবাহিকভাৱে আগবঢ়াই যাবলৈ ধৰিলে যে অতি সোনকালেই বৌদ্ধিক মহলে বুজি পালে যে তেওঁ এক বিৰল প্ৰজাতিৰ গণিতজ্ঞ।

সেই যে আৰম্ভণি হ’ল— আজি ষাঠি বছৰ অতিক্ৰম কৰাৰ পিছতো মানুহজনৰ সৃষ্টিশীলতাত ভাটা পৰা নাই। অকল নবীন কিয়, বয়স্ক গণিতজ্ঞসকলৰ বাবেও তেওঁ প্ৰেৰণাৰ উত্স। গণিতৰ আন এক আকৰ্ষণীয় চৰিত্ৰ হাৰ্ডিয়ে তেওঁৰ ‘A Mathematician’s Apology’ নামৰ কিতাপখনত ঘোষণা কৰি গৈছিল— ‘No mathematician should ever allow himself to forget that mathematics more than any other art or science, is a young man’s game…I do not know an instance of a major mathematical advance initiated by a man past fifty.’। হাৰ্ডিৰ এই কথাষাৰৰ প্ৰতিটো শব্দ মোৰ দৰে সকলো গণিতজ্ঞৰে মুখস্থ। আৰু হাৰ্ডিৰ কথাষাৰে পঞ্চাশ ঊৰ্ধ্ব সকলো গণিতজ্ঞকে নিৰাশাৰ গভীৰ কূপলৈ যেন নিক্ষেপ কৰি আহিছিল অতদিনে। হাৰ্ডিয়ে যেতিয়া তেওঁক প্ৰথম লগ পাইছিল, তেতিয়া তেওঁ চফল যুৱক। আজি যদি হাৰ্ডি থাকিলেহেঁতেন, হাৰ্ডিয়ে নিশ্চয় মন্তব্য কৰিলেহেঁতেন যে এই গণিতজ্ঞজন তেওঁৰ প্ৰসিদ্ধ উক্তিৰ এক আকৰ্ষণীয় counter example।

আমি যেতিয়া তেওঁৰ সুন্দৰ প্ৰমাণসমূহৰ বাবে তেওঁক প্ৰশংসাৰে ওপচাই দিওঁ, তেওঁ মাথোঁ কয় যে Supreme Fascist God-ৰ হাতত এখন কিতাপ আছে, তাত গণিতৰ সুন্দৰ প্ৰমাণবোৰ লিপিবদ্ধ আছে। মাজে মাজে তেওঁ হেনো কিতাপখনৰ দুই-এক পৃষ্ঠা ভুমুকিয়াই চোৱাৰ সুযোগ পাইছে। তেওঁ আমাক কয়— তোমালোকে ভগৱানক বিশ্বাস কৰা বা নকৰা সেয়া খুব ডাঙৰ কথা নহয়, কিন্তু এই কিতাপখনক বিশ্বাস কৰিবা।

বোৰ্ডখন ইতিমধ্যে তেওঁৰ হাতৰ আখৰেৰে ভৰি পৰিছে। পৰিচিত তেওঁৰ আখৰবোৰ— কিছুমান বাওঁফালে হাউলি পৰিছে, কিছুমান সম্পূৰ্ণ উলম্ব, আন কিছুমান আকৌ সোঁফালে হাউলি পৰিছে। শাৰীবোৰৰো কোনো সুনিৰ্দিষ্ট গঢ় নাই— কোনোবাটো শাৰী পোন, কোনোবাটো আকৌ সোঁফালে বহুখিনি তললৈ নামি গৈছে। মোৰ এনে লাগে যেন এটা শাৰীৰ ঠিক তলৰ শাৰীটোৱে তাৰ ঠাই অবৈধভাৱে দখল কৰা বাবে ওপৰৰ শাৰীটোক চিধাই খেদি যাব! নতুন নতুন চিন্তাই তেওঁৰ মন মগজুত প্ৰৱেশৰ বাবে অহৰহ টুকুৰিয়াই থাকে বাবে মানুহজন অস্থিৰ আৰু সেইবাবে চাগৈ আখৰবোৰৰ গতি সেয়া। অৱশ্যে মানুহজন কোনো হাতৰ কামতে কুশলী নহয়। ৰন্ধা-বঢ়াতো বাদেই, কফি একাপো তেওঁ বনাব নাজানে। ইফালে তেওঁ কফি খাবলৈ ইমানেই ভাল পায় যে তেওঁ প্ৰায়েই কয়— গণিতজ্ঞসকল হেনো কফিক উপপাদ্যলৈ ৰূপান্তৰ কৰা একোটা মেচিন। তেওঁ নিজেই স্বীকাৰ কৰিছে— তেওঁ হেনো ব্ৰেডত বাটাৰ লগাবলৈও নাজানিছিল। ইংলেণ্ডলৈ পঢ়িবলৈ যাওঁতে এবাৰ বন্ধুবৰ্গৰ সৈতে ব্ৰেড-বাটাৰ খাব লগা হ’ল। বিব্ৰতভাৱে তেওঁ স্বীকাৰ কৰিব লগা হ’ল যে তেওঁ ব্ৰেডত বাটাৰ লগাবলৈ নাজানে। তেতিয়া তেওঁৰ বয়স ২১ বছৰ! আৰু আজিয়েই তেওঁ যিটো চেপলিনীয় দৃশ্যৰ অৱতাৰণাৰে দৃশ্যপটত প্ৰৱেশ কৰিলে, মনত পৰি এতিয়াও মোৰ হাঁহি উঠি আছে। —বিশ্বৰ বিভিন্ন প্ৰান্তৰ গণিতজ্ঞসকল আহিছে তেওঁৰ বক্তৃতা শুনিবলৈ। নবীন গণিতজ্ঞসকলো উত্তেজিত তেওঁক এবাৰ ওচৰৰ পৰা চাবৰ বাবে। তেওঁ গাড়ীৰে আহি এই বিশ্ববিদ্যালয়ত উপস্থিত হ’ল। গাড়ীৰ পৰা নামি আগুৱাই আহিল। আৰু আমি কিঞ্চিৎ আতংকিত চিত্তে আৱিষ্কাৰ কৰিলোঁ যে তেৰাৰ এপাট জোতাৰ ফিটা মৰা হোৱাই নাই। ইখন ভৰিৰ খোজ ফিটাডালত পৰিলে ষাঠিৰ ঊৰ্ধ্বৰ মানুহজন হামখুৰি খাই পৰাৰ পূৰা সম্ভাৱনা। নবীন গণিতজ্ঞ এজনে সেইফালে তেওঁৰ দৃষ্টিগোচৰ কৰি দিলে; ভাবিছিল ফিটাডাল তেওঁ নিজেই মাৰি ল’ব। পিছে জোতাৰ ফিটা মৰা কামটোতো আৰু গণিতৰ উপপাদ্য প্ৰমাণ কৰাৰ দৰে সহজ নহয়! গতিকে তেওঁ স্বাভাৱিক খোজ এৰি লেকেচিয়াই লেকেচিয়াই মোক খেদি আহিল— ‘দিয়াহে ভাই ফিটাডাল মাৰি!’ সমৱেত গণিতজ্ঞসকলৰ ওচৰত অপ্ৰস্তুত হৈ মই ভিৰত লুকাই পৰিলো। এইবাৰ তেওঁ আন এজনৰ ফালে চোঁচা ল’ল।—আজিৰ চেমিনাৰৰ যিজন মধ্যমণি তেওঁৰ প্ৰৱেশ এনেকুৱা নাটকীয়ই আছিল।

তেওঁ এনেকুৱাই। গণিতৰ বাহিৰে যেন তেওঁ একো বুজি নাপায়। সংখ্যাবোৰ তেওঁৰ বাবে বিথোভেনৰ নৱম চিম্ফনীতকৈও মধুৰ। কোনোৱাই যদি তেওঁক সোধে— ‘সংখ্যাবোৰ কিয় ধুনীয়া?’, তেওঁ ওভতাই সুধিব— ‘কোৱাচোন— বিথোভেনৰ নৱম চিম্ফনী কিয় ধুনীয়া? তুমি যদি নিজে তাৰ সৌন্দৰ্য উপলব্ধি কৰিব নোৱাৰা, আনে তোমাক বুজাই উপলব্ধি কৰাই দিব নোৱাৰে। মই জানো সংখ্যাবোৰ ধুনীয়া— যদি সংখ্যাবোৰ ধুনীয়া নহয়, একোৱেই ধুনীয়া হ’ব নোৱাৰে।’ গণিতপ্ৰাণ এই মানুহজনে অগণিতজ্ঞসকলৰ ওচৰত চৰম অসহজবোধ কৰে। পানীৰ পৰা তুলি অনা মাছৰ দৰে অৱস্থা হয় তেওঁৰ। কোনোবা আড্ডাত গণিতৰ বাহিৰে আন কথাৰ আলোচনা চলিলে তেওঁ হামিয়াবলৈ ধৰে, আনকি টোপনিও আহি যায়। অগণিতজ্ঞসকল তেওঁৰ বাবে ‘trivial beings’, শিশুসকলক তেওঁ গণিতৰ ভাষাত কয় ‘epsilons’ বুলি। গোটেই পৃথিৱীখনেই তেওঁৰ বাবে গণিতময়।

মানুহজনৰ গণিত মোৰ বাবে যিমান আকৰ্ষণীয় মানুহজনো মোৰ বাবে সিমানেই আকৰ্ষণীয়। গণিতৰ ইতিহাসত তেওঁৰ দৰে ৰোমাঞ্চকৰ চৰিত্ৰ বিৰল। তেওঁৰ সৈতে মোৰ সম্পৰ্ক ‘ঘনিষ্ঠ’। স্বাভাৱিকতেই সেই ঘনিষ্ঠতাৰ কাৰণ গণিত— তেওঁৰ সৈতে ঘনিষ্ঠ হ’ব পৰাৰ একমাত্ৰ সূত্ৰতো সেয়াই। তেওঁৰ সৈতে আন কথা পতাই নাযায়— আন কথা মানেইতো তেওঁৰ ভাষাতেই illegal thinking ! মাথোঁ মোৰ উত্সুকতাৰ বাবেই মই তেওঁৰ জীৱনৰ কিছুকথা জানিবলৈ পাৰিছো।

যথা— তেওঁৰ জন্ম হৈছিল হাংগেৰীত, তেওঁৰ পৰিয়ালটো আছিল ইহুদী, তেওঁৰ বাইদেৱেককিজনী জ্বৰত ঢুকাইছিল আৰু সেইবাবেই মাকে তেওঁক খুব মৰম কৰিছিল, সৰুৰে পৰাই তেওঁ গণিতত চোকা আছিল— ইত্যাদি।

প্ৰথম বিশ্বযুদ্ধৰ পিছত হাংগেৰীৰ ৰাজনৈতিক আৱহাৱা ভাল নাছিল। কিছুদিন গণতান্ত্ৰিক শাসন চলাৰ পিছত বিলা কুনৰ (Bela Kun) স্বেচ্ছাচাৰী শাসন চলে। পিছত বিলা কুনক ওফৰাই মিকোলাচ হোৰ্থি (Mikolos Horthy) শাসনলৈ আহে। পিছে হোৰ্থি আছিল আৰু বেছি উগ্ৰ আৰু ফেচিষ্ট। তেওঁৰ আগৰ শাসনকৰ্তা বিলা কুন ইহুদী আছিল বাবে হোৰ্থিয়ে ধৰি ল’লে যে ইহুদীসকল তেওঁৰ বিৰোধী। গতিকে ইহুদীসকলৰ বিৰুদ্ধে  তেওঁ দমনমূলক হৈ পৰিল। ইহুদীসকলৰ বিশ্ববিদ্যালয়ত পঢ়াৰ অধিকাৰ কৰ্তন কৰা হ’ল। পিচে আমাৰ এই গণিতজ্ঞজনে ৰাষ্ট্ৰীয় পৰীক্ষা এটাত সফল হোৱাত নিষেধাজ্ঞাৰ পৰা ৰেহাই পালে। এই দমনমূলক আচৰণৰ বাবেই তেওঁৰ মনত ফেচিষ্টসকলৰ বিৰুদ্ধে ঘৃণাৰ ভাব জমা হৈ গ’ল। এবাৰ এজন সহকৰ্মীয়ে তেওঁক এটা মেকুৰী পোৱালি দেখুৱালে। তেওঁ মেকুৰীটো কোলাত তুলি ল’লে, পিছে মেকুৰীটোৱে তেওঁক আঁচুৰি দিলে। লগে লগে তেওঁ মেকুৰীটো নমাই থ’লে আৰু ক’লে— ‘ফেচিষ্ট মেকুৰী’। সহকৰ্মীজনে আপত্তি কৰিলে— ‘মেকুৰী এটা কেনেকৈ ফেচিষ্ট হ’ব পাৰে?’ তেওঁ উত্তৰ দিলে— ‘তুমি যদি এন্দুৰ হ’লাহেঁতেন গম পালা হয়।’

হাংগেৰীতে Ph.D কৰিলে যদিও তেওঁ ফেচিষ্ট শাসনৰ পৰা ওলাই যোৱাৰ চেষ্টা কৰি আছিল। Postdoctoral-ৰ বৃত্তি এটা পাই সেই সুযোগতে তেওঁ ইংলেণ্ডলৈ গুচি গ’ল। তাতেই হাৰ্ডি আৰু উলামক লগ পালে। হিটলাৰ উত্থানৰ বাবে তাৰ পিছতো তেওঁ হাংগেৰীলৈ প্ৰত্যাৱৰ্তন কৰিব নোৱাৰিলে। এইবাৰ তেওঁ প্ৰিন্সটনত গৱেষণা কৰিবলৈ ল’লে। তেওঁ তাত থকা সময়তে হাংগেৰীয়ে জাৰ্মানীৰ পক্ষ ল’লে, ফলত আমেৰিকাই হাংগেৰীৰ লগত যোগাযোগ বিচ্ছিন্ন কৰি দিয়ে। অৱধাৰিতভাৱে তেওঁৰো হাংগেৰীত থকা পৰিয়ালৰ লগত যোগাযোগ বিচ্ছিন্ন হৈ গ’ল। এবছৰৰ অন্তত প্ৰিন্সটনৰ কৰ্ত্তৃপক্ষই তেওঁৰ বৃত্তি ছমাহৰ অধিক কাল বঢ়াবলৈ অমান্তি হ’ল। অপমানিত বোধ কৰি তেওঁ লগে লগেই প্ৰিন্সটন ত্যাগ কৰিলে। আৰু এনেকৈয়ে আৰম্ভ হ’ল তেওঁৰ যাযাবৰী জীৱন— ইখন বিশ্ববিদ্যালয়ৰ পৰা সিখন বিশ্ববিদ্যালয়, ইখন কনফাৰেন্সৰ পাৰ সিখন কনফাৰেন্সলৈ তেওঁ ঘূৰি ফুৰিবলৈ ধৰিলে।

দ্বিতীয় বিশ্বযুদ্ধৰ শেষৰফালে ৰাছিয়াই হাংগেৰীক মুক্ত কৰিলে। তেতিয়াহে তেওঁ খবৰ পালে যে তেওঁৰ বেছিভাগ আত্মীয়ই Auschwitz-ত মৰিল আৰু দেউতাকো হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ মৰিল। তেওঁ হাংগেৰীলৈ উভতিল আৰু সঘনে ইংলেণ্ড-আমেৰিকা ভ্ৰমণ কৰি থাকিল। পিছে এসময়ত আমেৰিকাই তেওঁক প্ৰৱেশ ভিছা দিবলৈ অমান্তি হ’ল। ফলত তেওঁ ইজৰাইলত থাকিবলৈ ল’লে। গণিতজ্ঞসকলে তেওঁৰ সপক্ষে আমেৰিকান চৰকাৰৰ ওচৰত আৰ্জি পেচ কৰিলে। তেওঁ এবাৰ ধেমালি কৰি কৈছিল— আমেৰিকা দুটা বিষয়ত নাচোৰবান্দা—তেওঁলোকে ৰঙা চীনক ৰাষ্ট্ৰসংঘত আৰু মোক আমেৰিকাত কোনোপধ্যেই প্ৰৱেশ কৰিবলৈ নিদিয়ে। অৱশ্যে এসময়ত তেওঁৰ বিৰুদ্ধে থকা নিষেধাজ্ঞা আঁতৰিল আৰু তেওঁ মুক্তভাৱে ঘূৰিব পৰা হ’ল।

গণিততে লাগি থকা মানুহজনে বিয়াও নকৰালে। আনকি তেওঁ শুভকাংক্ষীসকলৰ পৰামৰ্শ অগ্ৰাহ্য কৰি কোনো স্থায়ী চাকৰিতো যোগদান নকৰিলে। গৱেষণাৰ বাবে পোৱা বৃত্তিৰ ধনেৰেই তেওঁ চলে। চলে আৰু কি?— তেওঁৰ নিজাকৈ ঘৰ এটাও নাই। তেওঁৰ সহযোগী গণিতজ্ঞসকলৰ ঘৰত এমাহ দুমাহকৈ থাকি তেওঁ ঘূৰি ফুৰে। তেওঁৰ জীৱনৰ ‘মটো’ৱেই হৈ পৰিল— ‘another roof, another proof’। তেওঁ কাৰ ঘৰত গৈ আলহী হ’ব বা সেইখন ঘৰত গৈ এমাহ থাকিব নে দুমাহ থাকিব সেয়া গৃহস্থৰ নহয়, তেওঁৰ মৰ্জিৰ ওপৰতহে নিৰ্ভৰ কৰে। সহযোগী গণিতজ্ঞসকলৰ মাজত অলিখিত নিয়ম হৈ গৈছে যে তেওঁ যেতিয়াই যাৰ ঘৰত উপস্থিত হ’ব, তেওঁলোকে তেওঁক অকৃপণ আতিথ্যেৰে আপ্যায়ন কৰিবই লাগিব! এবাৰ তেওঁ মোৰ ঘৰত উপস্থিত হৈ ছুটকেছ দুটা মাটিত থেকেচকৈ থৈয়েই ফোনটোৰ ফালে আগবাঢ়িল। এজনক ফোনত কোৱা শুনিলো— ‘হেৰা মই ৱিল্ফৰ তাত উঠিলোহে, তুমিও আহি যোৱা।’ মোৰ হাঁহিমেই নে কান্দিমেই অৱস্থা। তেওঁক লৈ সমস্যাৰ অন্ত নাই— ঘৰৰ বস্তুবোৰৰ ব্যৱহাৰতো তেওঁ অভ্যস্ত নহয়। ফ্ৰীজৰ পৰা চচ লৈ খাব— ফ্ৰীজৰ পৰা ডাইনিং টেবুললৈ মজিয়াত ৰক্ত নদী বৈ যাব। তেওঁ যোৱালৈকে বাথৰূমৰ খিলি-শ্বাৱাৰ আদি মিস্ত্ৰি আনি ভাল কৰিব লগা হ’বই হ’ব। তথাপি তেওঁক খং কৰিব নোৱৰো। এমাহ-দুমাহ যিখিনি সময় আমাৰ লগত থাকে, সেইখিনি সময়তে তেওঁ আমাক গৱেষণাৰ নতুন দিশ কিছুমান দেখুৱাই থৈ যায়— যিবোৰ আমি হয়তো কোনোদিনে ভাবি পোৱাই নাছিলো। মানুহজন বিস্ময়কৰভাৱে প্ৰতিভাসম্পন্ন। মোৰ মনত পৰিছে জৰ্জ পুৰ্ডিয়ে কোৱা এটা ঘটনা— এখন চেমিনাৰৰ ঘটনা। দুটা ছেছনৰ মাজৰ বিৰতিৰ সময়খিনিত গণিতজ্ঞসকলে কফি পান কৰি আছিল। এনেতে তেওঁ আহিল, বোৰ্ডত লিখা থকা কথাখিনিলৈ চালে আৰু পুৰ্ডিক সুধিলে— ‘এইবোৰ কি হে?’ সেইটো আছিল ফলনাত্মক বিশ্লেষণৰ সমস্যা। দুজন গৱেষকে অলপ আগতে সমস্যাটোৰ ৩২ পৃষ্ঠাৰ দীঘল সমাধান এটা আগবঢ়াইছিল। আৰু তাকে কৰি তেওঁলোকে গৰ্বত ওফন্দি আছিল। তেওঁ বোৰ্ডখনৰ ফালে কেৰাহিকৈ অলপ সময় চালে আৰু পুৰ্ডিক তাত ব্যৱহৃত চিহ্ন আৰু প্ৰতীকবোৰৰ অৰ্থ সুধি ল’লে। তাৰ পিছত তেওঁ অনায়াসে দুই শাৰীতে সমস্যাটো সমাধান কৰি দিলে। পুৰ্ডি মেজিক দেখাৰ দৰে হতবাক হৈ গ’ল।

ইমান বেছি মৌলিক প্ৰতিভাসম্পন্ন মানুহজন দৈনন্দিন জীৱনত কিমান যে নিৰ্বোধ! তেওঁৰ মুখ্য সহায়ক গ্ৰাহামে আমাক হঁহুৱায়—তেওঁৰ চেকবোৰ হেনো গ্ৰাহামে তেওঁৰ হৈ চহী কৰি বেংকত জমা দিয়ে। গ্ৰাহামে কামটো দীৰ্ঘদিন ধৰি কৰি আহিছে, কেতিয়াবা যদি গ্ৰাহামৰ সলনি তেওঁ নিজে চহী কৰে, তেনেহ’লে হেনো বেংকে চহী জালিয়তি কৰা বুলি ভাবি চেক ঘূৰাই দিব!

‘ৱিল্ফ, তুমি আন কথা ভাবি আছা? No-no-no illegal thinking.’ আৰু লগে লগে শ্ৰোতাৰ হাঁহি।

উচাপ খাই উঠিলো। মই জানো— অন্যমনস্ক হ’লে তেওঁ বেয়া পায়। তেওঁ কেতিয়াবা সহযোগী গৱেষকসকলক এটা কোঠাৰ ভিতৰত বিভিন্ন মেজত বহুৱাই লৈ মেজে মেজে ঘূৰি ফুৰি গণিতৰ গৱেষণাৰ প্ৰশ্ন দি ব্যস্ত ৰাখে, তাৰ মাজতে এখন মেজত এজন দবা খেলুৱৈৰ লগত খেলি থকা খেলখনত নিজৰ চালটোও দি যায়। কিন্তু কোনোবা সহযোগী অন্যমনস্ক হোৱা যেন পালেই তেওঁ চিঞৰি ক’ব— ‘No-no-no illegal thinking’।

এয়া যেন তেওঁৰ মুদ্ৰাদোষৰ দৰে হৈ পৰিছে। বাক্যষাৰি উচ্চাৰণৰ সুৰ, সেই মুহূৰ্তৰ মুখভংগী আমাৰ মুখস্থ। বাক্যষাৰিয়ে গহীন-গম্ভীৰ পৰিৱেশতো উদ্ৰেক কৰে তীব্ৰ হাস্যৰসৰ।

মই তেওঁক সবিনয়ে জনালো যে একান্ত মনোযোগেৰে মই তেওঁৰ বক্তৃতাই শুনি আছোঁ। গোকাট মিছা ক’লো। আচলতে আজি যিটো সমস্যাৰ বিষয়ে তেওঁ ভাষণ দি আছে, সেইটো তেওঁ মোক আগতেই বুজাই থৈছিল। গতিকে আজি মই স্কুলীয়া ছাত্ৰৰ দৰে অন্যমনস্ক হোৱাৰ বিলাসিতা অলপ কৰিব পাৰিছোঁ। নহ’লে আমাৰনো মগজুবোৰত সংখ্যাৰ বাহিৰে আন কিহবাই কিলবিলাবলৈ খালি ঠাই পায়নে? সেইবাবেই চাগৈ তেওঁৰ দৰে গণিতজ্ঞৰ আমোদজনক কাহিনীয়ে আমাৰ ব্যস্ত মগজুবোৰত আৰাম দি যায়। তেওঁৰ নামত চলিত অলেখ এনেকড’ট— ধেমেলীয়া কাহিনী আমাৰ মুখে মুখে। অৱশ্যে সেই কথা তেওঁ গম নাপায়। তেওঁৰ অজানিতে তেওঁৰ কাহিনীবোৰে বিস্তৃতি লাভ কৰে। আমাৰ নিজ চকুৰ সন্মুখত কোনো আমোদজনক ঘটনাৰ সংঘটন হ’লে তাকে আমি আনৰ আগত সোচ্ছ্বাসে বৰ্ণনা কৰোঁ। তেওঁ যি কৰে, ছিৰিয়াছলিয়েই কৰে, জমাবলৈ হয়তো নকৰে— কিন্তু গণিতৰ বাহিৰৰ জগতখনত তেওঁৰ নিৰ্বুধিতাই যে কাৰোবাক তামাম হাস্যৰসৰ যোগান ধৰি আছে তাৰ খেয়ালেই তেওঁৰ নাথাকে।

‘ৱিল্ফ! ৱিল্ফ !

বোৰ্ডৰ ফালে চালো।

‘No-no-no illegal thinking’.

আৰু শ্ৰোতাৰ হাঁহি। মই অন্যফালে চাই থকা সম্ভৱতঃ তেওঁ ধৰা পেলাইছিল। আস্— যি নহওঁক, তেওঁ মোৰ উপাধিটো মনত ৰাখিছে! অৱশ্যে মোৰ নামটো মনত ৰাখিছে বুলি মিছা আশা নকৰো। পৰম আশাবাদীয়েও সেই দুৰাশা নকৰে। তেওঁ আমাক সকলোকে উপাধি ধৰি মাতে। সমগ্ৰ বিশ্বৰ মাত্ৰ এজনকে তেওঁ নাম কাঢ়ি মাতে— সেই দুৰ্ভগীয়াজনৰ নাম টম ট্ৰটাৰ। টমক তেওঁ বিল বুলি মাতে! পিছে আমাৰেই দুৰ্ভাগ্য যে ইমানৰ পিছতো তেওঁ আমাৰ সকলোৰে ফোন নম্বৰবোৰ মনত ৰাখে— নিৰ্ভুলকৈ। ঘৰবোৰো চিনি পায়— আলহী হ’বলৈ লাগিব যে! পিটাৰ ৱিংকলাৰৰ বৰ বেজাৰ— সি হেনো তেওঁৰ লগত ২০ বছৰ গৱেষণা কৰিলে, তথাপি তেওঁ তাৰ নামটো জানিব বুলি বেচেৰাই হেনো আশা নকৰে। তথাপি মই তাক সান্ত্বনা দিওঁ— ‘তই অন্ততঃ মেণ্ডেলচনতকৈ ভাগ্যৱান।’ সি অবিশ্বাসৰ সুৰত কয়— ‘কেনেকৈ?’ আৰু মই তাক উত্সাহেৰে কাহিনীটো বৰ্ণনা কৰিবলৈ লওঁ— এবাৰ তেওঁ এজন গণিতজ্ঞ লগ পাই সুধিলে—

‘ক’ৰ পৰা ?’

‘ভেংকোভাৰ।’ গণিতজ্ঞজনে বেঙা হাঁহি মাৰি উত্তৰ দিলে।

‘অ’ তেনেহ’লে তুমি মোৰ বন্ধু এলিয়েট মেণ্ডেলচনক চিনি পাবা!’

তেওঁ কয়। আৰু গণিতজ্ঞজনৰ পৰা উত্তৰ আহে—

‘এৰা। ময়েই তোমাৰ সেই দুৰ্ভগীয়া বন্ধু এলিয়েট মেণ্ডেলচন!’

কাহিনীটো শুনি তাৰ দুৰ্ভাগ্যৰ হিচাপটো কৰি পিটাৰ আশ্বস্ত হৈছিল।

কথাবোৰ এনেকুৱাই হৈ গৈছে। সংখ্যাবোৰেই তেওঁৰ বন্ধু, আত্মীয়। সংখ্যাবোৰে যেন ভেকুৱাম পাম্পৰ দৰে তেওঁৰ অন্তৰৰ পৰা সকলো আৱেগ-অনুভূতি শোষণ কৰি কৰি নিঃশেষ কৰি দিছে। মানুহৰ সৈতে তেওঁ গণিতৰ বাহিৰে আন কোনো কথাতে স্বাচ্ছন্দ্য অনুভৱ নকৰে, গণিতৰ বৰ্হিজগতৰ সৈতে তেওঁ সম্পৰ্ক ৰহিত হৈ পৰিছে। কোনো অগাণিতিক কথাৰে তেওঁ কাৰো সৈতে যেন সংযোগ স্থাপন কৰিব নোৱাৰা হৈ গৈছে। তেওঁ সঁচাকৈয়ে গণিতৰ উপপাদ্য প্ৰমাণ কৰা মেচিন এটা হৈ গৈছে— মেচিন এটা হৈ গৈছে—

কনফাৰেন্স হলটো হাত চাপৰিৰে ভৰি পৰিল। এইমাত্ৰ সাৱলীলভাৱে, ক’তো অকণো খোকোজা নলগাকৈ তেওঁ আৰু এটা নতুন উপপাদ্যৰ প্ৰমাণ দাঙি ধৰিলে— another proof। তেওঁৰ বক্তৃতা শেষ হ’ল।

মানুহবোৰ এজন দুজনকৈ ভোজন কক্ষৰ ফালে আগবাঢ়িল। ময়ো ভোজন কক্ষৰ ফালে আগবাঢ়িলো—

‍* * *

দুঘণ্টা জুৰি গণিতৰ গভীৰতাত ডুবি থকা গণিতজ্ঞসকলৰ স্নায়ুত যেন তীব্ৰ চাপ পৰিছিল। সেই ষ্ট্ৰেছৰ পৰা মুক্তি পাবলৈ যেন গণিতজ্ঞসকলে ভোজন কক্ষত তিনি/চাৰিজনকৈ গোট হৈ হাতত আহাৰৰ থাল লৈ উচ্ছ্বসিত কথা-বাৰ্তাত মগ্ন হৈ পৰিল। আৰু মই মন কৰিলো সকলোবোৰ গোটৰে আলোচনাৰ বিষয়ে— তেওঁ। আলোচনাবোৰ জমি উঠিছে। প্ৰতিটো আড্ডা উত্তাল কৰি ৰাখিছে তেওঁৰ বিষয়ে চলিত জনা-নজনা অলেখ মুখৰোচক কাহিনীয়ে। গোটেই ভোজন কক্ষটো হাঁহিৰ জোৱাৰত মুখৰিত হৈ পৰিছে। ময়ো এটা গোটত যোগ দিলোগৈ। তাতো আড্ডা জমি উঠিছে। হফমেনে মই আগতে নুশুনা কাহিনী এটা সোচ্ছ্বাসে বৰ্ণনা কৰিছে— এবাৰ তেওঁ নিউ জাৰ্চিত এজনৰ তাত আলহী হৈ আছিল। গিৰিহঁতৰ সৈতে ব্ৰেকফাষ্ট কৰি থাকোঁতে কথাৰ মাজতে কেলিফ’ৰ্ণিয়াৰ গণিতজ্ঞ এজনৰ নামটো ওলাল। চাটকৈ তেওঁৰ মনত পৰি গ’ল যে উপপাদ্য এটাৰ সম্পৰ্কে এই গণিতজ্ঞজনৰ লগত কিছু কথা আলোচনা কৰিব লগা আছিল। লগে লগে তেওঁ খোৱা মেজৰ পৰা উঠি ফোনটোৰ ফালে আগবাঢ়িল। আতংকিত গৃহস্থই তেওঁক বাৰণ কৰিবলৈ ততাতৈয়াকৈ মাত লগালে— ‘এতিয়া তাত ৫ বাজিছেহে— ভালকৈ ৰাতি পুওৱাই নাই। বেচেৰা চাগৈ বিছনাতে আছে।’ তেওঁ হেনো গহীনাই উত্তৰ দিলে— ‘তাৰ মানে তেওঁক ফোনত পোৱাটো খাটাং।’

চাৰিওজনে হাঁহি দিলো।

এইবাৰ জৰ্জে আৰম্ভ কৰিলে— এবাৰ তেওঁৰ কেটাৰেক্টৰ বাবে চকুৰ অস্ত্ৰোপচাৰ কৰিব লগা হ’ল। তেওঁ ডাক্তৰসকলক জনাই দিলে— অস্ত্ৰোপচাৰ এটা চকুতহে হ’ব, গতিকে সেইখিনি সময়ত আনটো চকুৰে তেওঁ গণিতৰ কিতাপ পঢ়ি থাকিব! ডাক্তৰসকল মহা বিপাঙত পৰিল। অৱশেষত তেওঁলোকে বিচাৰ-খোঁচাৰ কৰি স্থানীয় গণিতজ্ঞ এজনক হাজিৰ কৰালে। অস্ত্ৰোপচাৰৰ সময়খিনিত সমান্তৰালভাৱে তেওঁ সেই নিমাখিত গণিতজ্ঞৰ সৈতে গণিতৰ আলোচনা চলাই থাকিল।

স্ফূৰ্তিৰ মাজেৰে খোৱা শেষ কৰি ওলাই আহিলো। কনফাৰেন্সৰ বিল্ডিংটোৰ ফালে আগবাঢ়িলো। আৰু দেখিলো মাজৰ ঠাইটুকুৰাৰে আমন-জিমনকৈ আহি আছে তেওঁ। সম্ভৱতঃ খাবলৈ আহিছে। ভেটা-ভেটি হ’লো। তেওঁ ৰৈ দিলে। খুব লাহে লাহে সৰুকৈ তেওঁ ক’লে— ‘হাৰ্বাৰ্ট!’

মোৰ খুউব হাঁহি উঠি গ’ল। তেওঁ মোক তেওঁৰ স্বভাৱ অনুসৰি ‘ৱিল্ফ’ বুলি উপাধিটোৰে মতা নাই। মোৰ নামটোৰে মাতিছে— তাকো নিৰ্ভুলকৈ! আৰু এটা নতুন এনেকড’ট—হাঁহি উঠা সংঘটনৰ বাবে সাজু হ’লো। এনেকুৱা এনেকড’টেইতো আমাৰ মনবোৰ জীপাল কৰি ৰাখে। বৰ আশাৰে মাতিলো— ‘কি হ’ল পল?’

‘তোমাক এটা কথা কওঁ?’

তেওঁ যেন অনুমতি বিচাৰিলে— যিটো তেওঁৰ স্বভাৱ বিৰুদ্ধ। গণিতৰ কথা পতাৰ বাবে তেওঁ আজিলৈ কাৰো ইচ্ছা বা অনুমতিৰ বাবে অপেক্ষা কৰাৰ নজিৰ নাই। লাঞ্চ কৰি উঠিছোহে মাত্ৰ, আকৌ গণিতৰ বাবে দেহ—মন সাজু হৈ উঠা নাই। আৰে মই মানুহহে— তোমাৰ দৰে গণিতৰ উপপাদ্য প্ৰমাণ কৰা মেচিনটো নহওঁ। বিৰক্তিখিনি পাতল হাঁহি এটাৰে ঢাকি থ’বলৈ যত্ন কৰি ক’লো— ‘কোৱা।’

তেওঁ যেন ইতস্ততঃ কৰিলে। অলপ পিছত তেওঁ লাহেকৈ ক’লে, — ‘হাৰ্বাৰ্ট ! মোৰ মনটো আজি বেয়া !’

মনত পৰিল— তেওঁ এইকেইদিন সংখ্যাতত্ত্বৰ জটিল সমস্যা এটাক লৈ বৰ ব্যস্ত হৈ আছে। সমস্যাটো প্ৰায় সমাধান হৈছিলেই, কিন্তু প্ৰমাণটোত যোৱা ৰাতি খুঁত এটা ওলাল। মই তেওঁক বুজালো যে তেওঁৰ দৰে গণিতজ্ঞ এজনে প্ৰমাণ এটাত খুঁত ওলোৱাৰ দৰে তুচ্ছ কথাত হতাশ হোৱাৰ বা মন বেয়া কৰাৰ কোনো যুক্তি নাই। সেয়াইতো আমাৰ গণিতজ্ঞসকলৰ জীৱন— প্ৰমাণবোৰ কিমান নিখুঁত কৰিব পাৰি তাৰে চেষ্টাতেই আমি অনবৰতে থাকো ব্যস্ত—

‘নহয়— নহয় হাৰ্বাৰ্ট। আন কথাৰ বাবেহে আজি মোৰ মনটো বেয়া। বৰ বেয়া।’

মোৰ হাঁহি উঠি গ’ল। আন কথা? সংখ্যাই ঘোলা কৰা মগজুটোত তেনেহ’লে আন কথাৰ বাবেও এচিকুটমান ঠাই বাকী ৰৈছিলগৈ! আৰু কি হাঁহি উঠা কথা— বেয়া লাগিব পৰাকৈ তেওঁৰ বুকুখনত হৃদযন্ত্ৰটোৰ বাহিৰেও হৃদয় এখনো সংখ্যাৰ মাজত ক’ৰবাত পোত খাই আছিলগৈ!

হাঁহি মাৰি সুধিলো— ‘কিয়— কি হ’ল পল?’

অনভ্যস্ত সুৰ আৰু ভঙ্গিমাৰে তেওঁ অপ্ৰতিভভাৱে ক’লে— ‘বৰ নিঃসংগ লাগিছে হাৰ্বাৰ্ট।’

মই তেওঁক সোঁৱৰাই দিলো— আজি পৃথিৱীৰ বিভিন্ন দেশৰ পৰা অহা দুশ গণিতজ্ঞৰে বিশ্ববিদ্যালয়খন উত্সৱমুখৰ হৈ আছে। ইচ্ছা কৰিলে তেওঁ তেওঁলোকৰ লগত গৱেষণাৰ বিভিন্ন দিশ সম্বন্ধে আলোচনা কৰি এই দিনকেইটা কটাই দিব পাৰে। তাৰ পিছত বিভিন্ন proof-ৰ বাবে আমাৰ roof-বোৰতো আছেই—

‘নহয়— নহয় হাৰ্বাৰ্ট। আন কিবা— আন কিবা—’ কথাবোৰ যেন তেওঁ যুকিয়াই ক’ব পৰা নাই। ময়ো বুজি পোৱা নাই। অলপ সময় পিছত ভাগৰুৱাৰ দৰে তেওঁ পুনৰ ক’লে—

‘বৰ, বৰ নিঃসংগ লাগিছে হাৰ্বাৰ্ট।’

বুজা-নুবুজাৰ মাজতে মই তেওঁৰ চকুৰ ফালে চাই ৰ’লো— বহুদূৰ অতিক্ৰম কৰা পথৰ ক্লান্তিয়ে যেন তেওঁৰ মুখখন শেঁতা কৰি পেলাইছে। গধুৰ স্বৰেৰে তেওঁ ক’লে—

‘মালৈ আজি বৰকৈ মনত পৰিছে হাৰ্বাৰ্ট।’

বুকুত যেন প্ৰচণ্ড ধাক্কা এটা খালো। চকুযুৰি তেওঁৰ চকুৰ পৰা আঁতৰাই নিলো। মনত পৰিল— মাকে আলপৈচান ধৰি তেওঁৰ লগত ছাঁৰ দৰে ঘূৰি ফুৰিছিল। জোতাৰ ফিটা মাৰি দিয়াৰ পৰা ব্ৰেডত মাখন লগাই দিয়ালৈকে সকলোবোৰ কৰি দিছিল মাকে। হয়তো আনবোৰ সন্তান অকালতে মৰি যোৱা বাবেই মাকে তেওঁক কেঁচুৱাক কৰাৰ দৰে মৰম কৰিছিল। পিছে পাঁচ বছৰ হ’ল, আলচাৰ হৈ এদিন তেওঁৰ মাক ঢুকাই থাকিল। বিব্ৰতভাৱে ক’লো—

‘পিছে পল— তোমাৰ মা ঢুকুৱাৰতো পাঁচ বছৰেই হ’ল!’

‘এৰা, পাঁচ বছৰেই হ’ল। মালৈ মোৰ প্ৰায়েই মনত পৰি থাকে— আজি বেছিকৈ মনত পৰিছে।’

কেইটামান অস্বস্তিকৰ নীৰৱ মুহূৰ্ত পাৰ হৈ গ’ল। তেওঁ অস্ফুটভাৱে ক’লে—

‘সেইজোপা, সেইজোপা গছৰ তলতেই।’

তেওঁ দুৰ্বল, বেঁকা আঙুলি এটাৰে কনফাৰেন্স হলৰ সন্মুখত থকা অকলশৰীয়া পাইনজোপাৰ ফালে দেখুৱাবলৈ চেষ্টা কৰিলে। কি কৈছে বুজিব নোৱাৰি তেওঁৰ মুখৰ ফালে চালো। নতুনকৈ প্ৰেমত পৰা কিশোৰ এজনৰ দৰে লাজ লাজকৈ তেওঁ উত্তৰ দিলে—

‘তাইক প্ৰথম লগ পাইছিলো।’ তাৰ পিছত অলপ ৰৈ তেওঁ ক’লে—

‘পিছে তাই এদিন মোক এৰি গুচি গ’ল। মোৰ লগত জানো কোনোবা থাকিব পাৰে হাৰ্বাৰ্ট?’

মোৰ বুকুখন মোচৰ খাই উঠিল। বুকুখনত কিবা এসোপাই যেন হেঁচা মাৰি ধৰিলে। স্বগতোক্তি কৰাৰ দৰে তেওঁ আপোনমনে স্মৃতিচাৰণ কৰি যাবলৈ ধৰিলে— পাহৰি গ’ল মোৰ অস্তিত্ব— “পঢ়ি থাকিলে চুচুক-চামাককৈ ওচৰলৈ গৈ মায়ে প্ৰায়ে কৈছিল— ‘পল— আন ছোৱালী— আন ছোৱালী।’ ”

ময়ো যেন তেওঁক হাতত ধৰি ক’ম— কিয় নহ’ল, কিয় নহ’ল পল— আন ছোৱালী!

‘আৰু মই মাক কৈছিলো— No-no-no illegal thinking— শেষত গৈ যেন সেয়া এখন খেলাই হৈ পৰিছিল— মই পঢ়ি থাকো— মা গৈ উপস্থিত হয় আৰু মোক জোকায়— বাচা, আন ছোৱালী ! আৰু মই কৃত্ৰিম ধমক দি কওঁ— No-no-no illegal thinking। মই হাঁহো, মাই হাঁহে।’

দেখিলো শিশুৰ হাঁহি এটাৰে উজলি উঠিছে তেওঁৰ মুখ। আৰু একে সময়তে মই দেখিলো— চকুপানীৰেও যেন উপচি পৰিব খুজিছে তেওঁৰ চকুযুৰি।

‘ফেচিষ্ট গড। ফেচিষ্ট গড।’

অস্ফুট স্বৰত তেওঁ স্বগতোক্তি কৰে। তাৰ পিছত তেওঁ নীৰব হৈ পৰে।

—সেইবোৰ মাত্ৰ অলপ সময়, মাত্ৰ অলপ সময়। হঠাৎ ‌যেন জোৱাৰৰ দৰে তেওঁৰ অফুৰন্ত শক্তি উভতি আহে— পকেটৰ পৰা তেওঁ ৰুমাল এখন উলিয়ায় আৰু মোৰ ফালে আগবঢ়াই দি হাঁহি মাৰি কয়—

‘হাৰ্বাৰ্ট— No-no-no illegal thinking।’

তেওঁৰ মুদ্ৰাদোষত এইবাৰ মই হাঁহিব নোৱাৰিলো।

‘আজি ৰাতিপুৱাই কালিৰ প্ৰমাণটোৰ খুঁতটো দূৰ কৰিছোঁ— ৰাতিলৈ তোমাক দেখুৱাই দিম।’

তেওঁ দিয়া ৰুমালখন হাতত লৈ মই গম পালো— পানী জমিবলৈ ধৰিছে মোৰ চকুৰ কোণত। মোৰ এনে লাগিল মই যেন তেওঁৰ হাতত খামোচ মাৰি ধৰি অনুৰোধ কৰি ক’ম— ‘পল— No-no-no illegal thinking— অন্ততঃ আজিলৈ?’

মই দেখিলো খুব ব্যস্ততাৰে তেওঁ হনহনাই আঁতৰি গৈছে। মই আৰু দেখিলো— তেওঁৰ এপাত জোতাৰ ফিটাডাল খুলি মাটিৰে চুঁচৰি গৈছে, ইখন ভৰিৰ গচক পৰিলেই ষাঠিৰ ঊৰ্ধ্বৰ মানুহজন হামখুৰি খাই পৰি যাব পাৰে। আৰু বক্তৃতাকক্ষ অভিমুখী জাক জাক গণিতজ্ঞই সেই দৃশ্য দেখি হাঁহিবলৈ ধৰিছে। সোঁহাতখন দাঙি কম্পিত স্বৰে মই চিঞৰিলো— ‘পল!’

 

ৰচনা কাল : ২৩.০৭.১০

পৰিমাৰ্জন : ০৮.০৮.১০

প্ৰকাশ : গৰীয়সী/জানুৱাৰী, ২০১১


Return to the collection


Illustration by Griselda Gabriele

About the Author

Mrinal Kalita

Mrinal Kalita, born in Bamundi, Assam, India, is a short story writer and a novelist who writes in the Assamese language. He has three short story collections, one novel, two collections of essays, one collection of tales for children and a book on popular mathematics to his credit. He teaches Mathematics in Pandu College, Assam. […]

Related